• ৯২টা সমষ্টিত হ'ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

    আঞ্চলিক
    ৯২টা সমষ্টিত হ'ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

    গুৱাহাটী : অৱশেষত নতুন দিল্লীত চূড়ান্ত হ'ল বিজেপি-অগপ-ইউপিপিএলৰ আসন বুজাবুজি৷ ১২৬টা সমষ্টিত হ'ব লগা আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অসম গণ পৰিষদলৈ এৰি দিলে ২৬টা সমষ্টি৷





    আৰু পঢ়িব পাৰিব : মাত্ৰ ১০০ টকাতে সোণৰ ৰেজৰেৰে কৰাওক ক্ষৌৰকৰ্ম





    ইয়াৰ উপৰি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীক এৰি দিলে ৮টা সমষ্টি৷ ৰাজ্যৰ বাকী ৯২টা সমষ্টিত যুঁজ দিব বিজেপিৰ প্ৰাৰ্থীয়ে৷ বহু আলোচনাৰ পাছত আজি ঘোষণা কৰিব বিজেপিৰ প্ৰথম প্ৰাৰ্থীৰ তালিকা৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ৭৪টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ সম্ভাৱনা আছে৷





    আৰু পঢ়িব পাৰিব : দ্বিপাক্ষিক সম্পৰ্ক : ঢাকাত বিদেশমন্ত্ৰী এছ জয়শংকৰ





    উল্লেখ্য যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি বিভাজনক লৈ কেতবোৰ অভিযোগ দলৰ মাজত সৃষ্টি হ'লেও অৱশেষত নিশ্চিত কৰা হ'ল সমষ্টি৷ পৰৱৰ্তী পৰ্যায়তহে কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰি সেয়া জানিব পৰা হ'ব৷