ৰাষ্ট্ৰীয়
গুৱাহাটী : গুৱাহাটীৰ অপহৃত ব্যৱসায়ী অজিত দাসক উদ্ধাৰ। জাগীৰোডৰ পৰা উদ্ধাৰ কৰা হৈছে ব্যৱসায়ীগৰাকীক৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ অভিযানত পাহাৰীয়া দুৰ্গম অঞ্চলৰপৰা উদ্ধাৰ কৰা হয় অজিত দাসক৷ এই অপৰাঝ কাণ্ডৰ সৈতে আৰক্ষীৰ লোক জড়িত থকাৰ চাঞ্চল্যকৰ তথ্যও পোহৰলৈ আহিছে। এই অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে৷
আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ত ক’ভিডত মৃত্যু ১১ মহীয়া শিশুৰ
উল্লেখ্য যে, ২৩ জুনত পত্নী, বায়েকৰ সন্মুখতে কালীবাৰীৰ ৰে’লৱে ক’লনীৰপৰা দুৰ্বৃত্তই অপহৰণ কৰিছিল দাসক। অপহৰণকাৰীৰ দলটোত থকা এজন কনিষ্টবল, এজন হোমগাৰ্ড, এজন ফাৰ্মাচিষ্ট আৰু বেটেলিয়নৰ হাবিলদাৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ফাঁচীবজাৰ আউটপ’ষ্টৰ কনিষ্টবল ৰাজ বাবু সিং, পাটৰ ফৰেষ্টৰ হোমগাৰ্ড, হাবিলদাৰ জিতেন বাইলুং আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
আৰু পঢ়িব পাৰিব : মাছ ধৰিবলৈ যোৱা নাবালিকাক যৌন নিৰ্যাতন ! আটক অভিযুক্ত
উল্লেখ্য যে, দাসৰ মুক্তিপণ হিচাপে তেওঁলোকে ২০লাখ টকা দাবী কৰিছিল পৰিয়ালৰ লোকক৷ গ্ৰেপ্তাৰ কৰা লোককেইজনক আৰক্ষীয়ে জেৰা কৰি আছে৷
Leave A Comment