National
ৰঙিয়া : ৰঙিয়া ষ্টেচন চৌহদত অমানৱীয় কাণ্ড। দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা এজন যুৱকক চিকিৎসা কৰিবলৈ অমান্তি হল ৰে'লৱে হাস্পতাল। যাৰ পৰিণতিতে যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। আনকি সংকটজনক অৱস্থাত নলা এটাত পৰি থকা যুৱকজনক অন্য চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো বাধা প্ৰদান ৰেলৱে হাস্পতালৰ স্বাস্থ্য কৰ্মীয়ে। ৰেলৱে হাস্পতালৰ এনে অমানৱীয় কাণ্ডত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। মৃত যুৱকজন হৈছে ৰঙিয়া ষ্টেচন ৰোডৰ ৩০ বছৰীয়া যুৱক অনুকূল দাস। মৃতকৰ মাতৃ আৰু পত্নীয়ে অভিযোগ কৰা মতে, পুৱা ঘৰৰ পৰা ওলাই অহা অনুকূলে ৰঙিয়া ৰেলৱে পলিক্লিনিক হাস্পতালৰ সমীপত হঠাৎ অসুস্থ হৈ এটি নলাত পৰি যায়। এই বিষয়ে পৰিয়ালৰ লোক অৱগত হোৱাত ততালিকে যুৱকজনৰ মাতৃ আৰু পত্নী দুৰ্ঘটনাস্থলীত উপস্থিত হয়।
মাতৃ আৰু পত্নীয়ে সংকটজনক অৱস্থাত যুৱকজনক তাৎক্ষণিক চিকিৎসা কৰাৰ বাবে সমীপতে থকা হাস্পতালৰ কৰ্তব্যৰত স্বাস্থ্য কৰ্মীক আহ্বান জনায় । কিন্তু তেওঁলোকে এয়া 'পুলিচ কেচ' বুলি চিকিৎসা কৰিবলৈ অমান্তি হয় । আনকি মাতৃয়ে ৰেলৱে হাস্পতালখনলৈ গৈ হাতযোৰ কৰি অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে কাকূতি-মিনতি কৰে। তৎস্বত্বেও যুৱকজনৰ চিকিৎসা কৰাৰ পৰা বিৰত থাকে হাস্পতালখন।
ইয়াৰ পিছত অসহায় মাতৃ আৰু পত্নীয়ে এখন ই-ৰিক্সাৰে সংকটজনক অৱস্থাত যুৱকজনক অন্য হাস্পতাললৈ নিব বিচাৰে যদিও ৰেলৱে হস্পিতল কৰ্তৃপক্ষই বাধা দিয়ে। এয়া 'পুলিচ কেচ' বুলি কৈ পুনৰ বাধা দিয়াত মাতৃয়ে নিজৰ পুত্ৰক সংকটজনক অৱস্থাত বিনা চিকিতসাই ৰখাই থবলৈ বাধ্য হয়। ইয়াৰ কিছু সময় পাছতে যুৱকজনে মৃত্যুক সাবটি লয়। ৰেল বিভাগৰ এনে অমানৱীয় কাণ্ডৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি মাতৃ আৰু পত্নীয়ে অভিযোগ কৰিছে। অসুস্থ যুৱকজনক ততালিকে উপযুক্ত চিকিৎসা প্ৰদান কৰিলে হয়তো যুৱকজনৰ জীৱন ৰক্ষা পৰিলহেঁতেন আক্ষেপ প্ৰকাশ কৰে পৰিয়ালে। ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Leave A Comment