• ৰবি শাস্ত্ৰী ক'ভিড প'জিটিভঃ উভতি আহিলে দেশলৈ

    আঞ্চলিক
    ৰবি শাস্ত্ৰী ক'ভিড প'জিটিভঃ উভতি আহিলে দেশলৈ

    ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ দেহত ক'ভিড ১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্ট শৃংখলাৰ সূচী লৈ ইংলেণ্ড ভ্ৰমণলৈ গৈছিল।কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্টৰ সময়তে ৰবি শাস্ত্ৰীসহ ভাৰতৰ ক্ৰিকেট দলৰ আন তিনিজন সহায়ক কৰ্মচাৰীৰ দেহত কভি'ড ১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰে।





    BCCI ৰ তথ্য অনুসৰি, প্ৰশিক্ষক শাস্ত্ৰী ইতিমধ্যে গৃহভূমি ভাৰতলৈ ৰাওনা হৈছে। আনহাতে ভাৰতীয় বলিং প্ৰশিক্ষক ভাৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ. শ্ৰীধাৰ আৰু ফিজিঅ' থেৰাপিষ্ট নিটিন পেটেলক হোটেলৰ কোঠাত আছুতীয়াকৈ ৰখা হৈছে।





    তেওঁলোকক ক্ৰিকেট দলটোৰ সৈতে ভ্ৰমণ কৰিবলৈ দিয়া হোৱা নাই।ক'ভিডৰ ক্ষেত্ৰত ল'বলগীয়া সকলো যাৱতীয় ব্যৱস্থা সৰ্তকতাৰে পালন কৰা হৈছে বুলি BCCI য়ে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।