• ৰহস্যজনকভাৱে অন্তৰ্ধান মহিলা, চাৰি তান্ত্ৰিকে লৈছে ভূতৰ পিছ!

    আঞ্চলিক
    ৰহস্যজনকভাৱে অন্তৰ্ধান মহিলা, চাৰি তান্ত্ৰিকে লৈছে ভূতৰ পিছ!

    বাকসা : ৰহস্যজনকভাৱে অন্তৰ্ধান এগৰাকী মহিলা৷ অবাস্তৱ যেন লাগিলেও স্থানীয় লোকৰ মতে ভূতে লম্ভাৰ ফলতে নাইকিয়া হৈছে মহিলাগৰাকী। এই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ চাৰিজনকৈ তান্ত্ৰিকৰ কাষ চাপিছে পৰিয়ালৰ লোক। কিন্তু এই চাৰিজন তান্ত্ৰিকেও সন্ধান দিব পৰা নাই মহিলাগৰাকীৰ ঠিকনাৰ৷ পুৱতি নিশা প্ৰায় তিনি বজাত বৰষুণৰ মাজতে প্ৰাত:ভ্ৰমণলৈ গৈছিল মহিলাগৰাকী। আৰু তাৰ পাছৰে পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী৷ বাকসা জিলাৰ শালবাৰী মহকুমাৰ জালাহ আৰক্ষী চকীৰ অন্তৰ্গত পূব খাগ্ৰাবাৰীৰ কামেশ্বৰ নাথ নামৰ শিক্ষকগৰাকীৰ পত্নী ভবানী নাথ পুৱতি নিশা তিনি মান বজাত প্ৰাত:ভ্ৰমণলৈ বুলি ওলাই গৈছিল৷





    কিন্তু ওলাই যোৱাৰ ২৪ ঘন্টা অতিক্ৰম কৰাৰ পাছতো মহিলাগৰাকী ঘূৰি অহা নাই ঘৰলৈ। পৰিয়ালৰ লোকে কোনো সম্ভেদ লাভ কৰা নাই মহিলাগৰাকীৰ। প্ৰতিদিনে প্ৰাত:ভ্ৰমণলৈ যোৱা মহিলাগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলৰ মনতো বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। ইতিমধ্যে, পৰিয়ালৰ লোকে মহিলাগৰাকীক ভূতে লম্ভা বুলি সন্দেহ কৰি চাৰিজনকৈ তান্ত্ৰিকৰ শৰাপন্ন হৈছে।





    কিন্তু স্বাভাৱিকভাৱেই পৰিয়ালটোৱে তান্ত্ৰিকৰ পৰা কোনো সুদুত্তৰ নোপোৱাত এইবাৰ জালাহ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।‌ জানিব পৰা মতে, পৰিয়ালটোত পাৰিবাৰিক কন্দলৰ সূত্ৰপাত হোৱা নাছিল। কিন্তু ৰহস্যজনকভাৱে চল্লিশ বছৰৰ ঊৰ্ধ্বৰ মহিলাগৰাকী নিৰুদ্দেশ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন হৈছে কেনেকৈ নিৰুদ্দেশ হ’ল মহিলাগৰাকী? একাংশই ভূতে লম্ভাৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱাৰ বিপৰীতে একাংশই তেওঁ দুষ্ট চক্ৰৰ কৱলত পৰাৰ আশংকা কৰিছে।