Sports
ধেমাজি: দেওবাৰে ৰাখীবন্ধন উপলক্ষে মিঠাই খাই ১১গৰাকী লোক অসুস্থ হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ ইয়াৰ ভিতৰত ৩ বছৰীয়া শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
মিঠাই খাই ৮ গৰাকী শিশুসহ মুঠ ১১গৰাকী ব্যক্তি অসুস্থ হৈ পৰিছে। চিলাপথাৰ স্বৰূপ হোটেলত প্ৰস্তুত কৰা মিঠাই খোৱাৰ অসুস্থ হৈ পৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। দেওবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি ধেমাজি জিলা প্ৰশাসনে হোটেলখনৰ সকলো খোৱা সামগ্ৰী জব্দ কৰাৰ লগতে হোটেলখনত তলা মাৰে।
এইসকল ব্যক্তিক চিলাপথাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে ৫ জনৰ অৱস্থা গুৰুতৰ আৰু এজন শিশুৰ অৱস্থা সংকটজনক। ইতিমধ্যে জিলা প্ৰশাসনে হোটেলখন ছীল কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।
Leave A Comment