• ৰাজকন্যাৰ খুন্দাত আহত প্ৰাক্তন আলফা সদস্য !

    আঞ্চলিক
    ৰাজকন্যাৰ খুন্দাত আহত প্ৰাক্তন আলফা সদস্য !

    গুৱাহাটী : নিশাৰ মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী দুৰ্ঘটনাত আহত ৭ শ্ৰমিকৰ৷ অতি সোনকালে ৰাজকন্যাক গ্ৰেপ্তাৰৰ দাবী শ্ৰমিককেইজনৰ। ৰাজকন্যা বৰুৱাই সংঘটিত কৰা পথ দুৰ্ঘটনাত আহত শ্ৰমিক কেইজনৰ সাত গৰাকী শ্ৰমিকৰ ঘৰ মুকালমুৱাৰ লোহাৰকাঠাত। সুচিকিৎসা আৰ্থিক সাহাৰ্য্যৰ দাবী জনোৱা লোহাৰকাঠাৰ শ্ৰমিক কেইজন ক্ৰমে ইমৰান চৌধাৰী, আতিকুৰ ৰহমান, চিৰাজ আলী, মফিদুল ইছলাম, নাজিমুল শইকীয়া, বুবুল আলী, জেহেৰুল হক।





    উল্লেখযোগ্য যে-আহত শ্ৰমিক কেইজনৰ ভিতৰত এগৰাকী প্ৰাক্তন আত্মসমৰ্পণকাৰী আলফা সদস্য আছিল। ১৯৯২চনত আত্মসমৰ্পণ প্ৰাক্তন আলফাসদস্য গৰাকীয়ে এখন গাড়ী চলাই জীৱন সংগ্ৰাম কৰি আছে। দুৰ্ঘটনা সংঘটিত কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ আহত শ্ৰমিক কেইজনে আৰ্থিক সাহাৰ্য্য বাবে আহ্বান জনাই চৰকাৰক।





    বৰ্তমান আটাইকেইজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷