• ৰাজকন্যাৰ বিষাক্ত দংশন : গ্ৰেপ্তাৰৰ ভয়ত অসুস্থ হোৱাৰ অজুহাত !

    আঞ্চলিক
    ৰাজকন্যাৰ বিষাক্ত দংশন : গ্ৰেপ্তাৰৰ ভয়ত অসুস্থ হোৱাৰ অজুহাত !

    গুৱাহাটী : গুৱাহাটীত হিট এণ্ড ৰান কাণ্ড সংঘটিত কৰি এদিনৰ ভিতৰতে জামিন পাইছিল ৰাজকন্যা বৰুৱাই। ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনাৰ বাবে ৰাজকন্যাক থানাত হাজিৰ হ’বলৈ দিছপুৰ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও অসুস্থ হোৱাৰ অজুহাতত জিএনআৰচিত আছে ৰাজকন্যা৷





    ইপিনে ৰাজকন্যাৰ কেছ ডায়েৰী প্ৰস্তুত কৰা দুই আৰক্ষীক শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্ল’জ দিয়ে উৰ্ধতন কৰ্তৃপক্ষই। বৰ্তমানেও আৰক্ষী থানাত উপস্থিত নোহোৱা ৰাজকন্যাৰ বিৰুদ্ধে কি পদক্ষেপ সেয়া লক্ষণীয়৷





    উল্লেখযোগ্য যে, সুৰামত্ত ৰাজকন্যাৰ বিলাসী বাহনে মহটিয়াই নিয়াত ৯জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰে এজন লোকে হেৰুৱালে দুয়োখন ভৰি। মডেল হিচাপে পৰিচিত ৰাজকন্যাৰ এই অমানৱীয় কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।