National
মঙলদৈ: জিলা পৰিবহণ বিষয়াৰ অদ্ভুত কাণ্ড৷ ৰাজপথত সুৰামত্ত জিলা পৰিবহণ বিষয়াৰ অদ্ভুত নৃত্য৷ দৰং জিলাৰ মঙলদৈ সদৰৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণৰ কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে৷ ঘটনাৰ বিৱৰণি অনুসৰি, ৰাজপথত ডিঙিলৈকে সুৰাপান কৰি উদ্ভণ্ডালি কৰিছিল সঞ্জয় কৃষ্ণই৷
মুখত অশ্লীল-মাত কথা লগতে এক অদ্ভুত নৃত্যও প্ৰদৰ্শন কৰিছিল সঞ্জীৱে৷ এগৰাকী দায়িত্বশীল বিষয়াৰ ৰাজহুৱা স্থানত এনে কৰ্মকাণ্ড কিমান গ্ৰহণযোগ্য? পূৰ্বতেও সহকৰ্মীক ফোনত ভাবুকি দিয়া অশ্লীল কথা-বার্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এইগৰাকী বিষয়াৰ৷ সঞ্জীৱ কৃষ্ণ পূৰ্বৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ ভাতৃ৷ তেওঁৰ এনে কৰ্মকাণ্ডক লৈ একেমুখে গৰিহণা আৰু ধিক্কাৰ দিছে জিলাখনৰ সচেতন মহলে৷ কাৰ আশীৰ্বাদত আজিও ইমান দুৰ্নীতি আৰু বিতৰ্কৰ পাছতো পদত অধিষ্ঠিত হৈ আছে, সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে৷ অতিশীঘ্ৰেই বিতৰ্কিত বিষয়াগৰাকীক বদলি কৰিবলৈ দাবী উত্থাপন কৰিছে দল-সংগঠনে৷
Leave A Comment