• ৰাজস্থান ৰয়েলছৰ ১কোটিত নিলাম হোৱা খেলুৱৈয়ে নেখেলিলে এখনো খেল !

    আঞ্চলিক
    ৰাজস্থান ৰয়েলছৰ ১কোটিত নিলাম হোৱা খেলুৱৈয়ে নেখেলিলে এখনো খেল !

    নতুন দিল্লী: কৰ’নাৰ আতংকৰ বাবে অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা ৰাজস্থান ৰয়েলছৰ বেগী বলাৰ এন্ড্ৰু টায়৷ এক কোটিত নিলাম হোৱা ৩৪বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত আইপিএলৰ এখন খেলতো অংশগ্ৰহণ নকৰাকৈয়ে এই সিদ্ধান্তত উপনীত হৈছে৷ সোমবাৰে 'SEN ৰেডিঅ' যোগে সদৰী কৰিছে যে, ‘মই ভাৰত এৰিব খোজাৰ কাৰণ বহুত৷ মূলতঃ এতিয়া অষ্ট্ৰেলিয়াৰ পাৰ্থত সামুদায়িক ঘটনা সংঘটিত হৈছে৷





    আৰু পঢ়িব পাৰিব : স্বস্তিৰ নিশ্বাস:দেশত ভ্ৰাম্যমাণ ATM পৰিসেৱা…





    বিশেষকৈ পশ্চিম অষ্ট্ৰেলিয়ালৈ উভতি যোৱা লোকসকলৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে সংশ্লিষ্ট মহলে৷ ইয়াৰোপৰি খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে, কেইবাখনো দেশে আভ্যন্তৰীণ যাত্ৰাত প্ৰতিবন্ধকতাৰ লগতে ব্ৰিটেইন, নিউজিলেণ্ড সহিতে ভাৰতৰ পৰা যাত্ৰা কৰাটো অসম্ভৱ প্ৰায় হৈ পৰিছে৷ অষ্ট্ৰেলিয়াই ইতিমধ্যে উৰাজাহাজৰ সংখ্যা ৩০শতাংশলৈ কমাই আনিছে আৰু অহা ১সপ্তাহত প্ৰতিদিনে ৩লাখতকৈ অধিক আক্ৰান্তৰে প্ৰতিবন্ধকতাৰ দিশত ভাৰতে আৰু অধিক কঠোৰ ভূমিকা পালন কৰিব৷





    ডেভিদ ৱাৰ্ণাৰ, ষ্টীভ স্মিথ আৰু পেট কমিঞ্চসহ প্ৰমুখ অষ্ট্ৰেলিয়ান খেলুৱৈ আইপিএল ২০২১ৰ অংশীদাৰ৷ আইপিএল আৰু বিচিচিআই কৰ্তৃপক্ষই আমাৰ সুৰক্ষাৰ বাবে অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিন্তু ক'ভিদৰ ভয়াৱহতাৰ মাজত সাধাৰণ পক্ষৰ মাজত দৃষ্টিকটু হৈছে তথাপি আমি এতিয়াও ক্ৰিকেট খেলিবলৈ সক্ষম বুলি আক্ষেপ খেলুৱৈগৰাকীৰ৷





    আৰু পঢ়িব পাৰিব : প্ৰকৃতিৰ ঋণ পৰিশোধৰ পৰামৰ্শ ক’ভিড জয়ীক…





    বেন ষ্টোকছ, জ্ৰোফা আৰ্চাৰৰ পাছতে এন্ড্ৰু টাইৰ এনে সিদ্ধান্তত অনুষ্ঠিত হ'বলগীয়া আগন্তুক খেলসমূহক লৈ সন্দিহান হৈ পৰিছে দলীয় কৰ্তৃপক্ষ৷ উল্লেখযোগ্য যে, চলিত আইপিএলত দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক নোহোৱাৰ লগতে দুৰ্যোগে লগ নেৰা দলটোৱে পৰৱৰ্তী সময়ত কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়।