• ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া

    আঞ্চলিক
    ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া

    গুৱাহাটী : আজি ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া৷ দেশজুৰি আজি দিয়া হ’ব বহু প্ৰতীক্ষিত ছিটা৷ ছিটাকৰণ প্ৰক্ৰিয়া উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দিয়া হ’ব ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন৷





    আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাম মন্দিৰলৈ আগবঢ়ালে ৫ লাখ টকা !





    প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীসকলক দিয়া হ’ব ছিটা৷ অসমৰো ৩৩ জিলাৰ ৬৫টা কেন্দ্ৰত দিয়া হ’ব ছিটা৷ ডিব্ৰুগড়ত ছিটাকৰণ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷





    আৰু পঢ়িব পাৰিব : কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন: কেতবোৰ নিয়মসমূহ এনেধৰণৰ-





    অসমত বিনামূলীয়াকৈ দিয়া হ’ব ২.৯ লাখ ছিটা৷ সুত্ৰ অনুসৰি Co-Win এপত ১ লাখ ৯০ হাজাৰ ব্যক্তি পঞ্জীয়ন হৈছে৷ ক’ভিড ভেকচিন দুবাৰকৈ ল’ব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে৷ প্ৰথমটো ড’জ লোৱাৰ ২৪ দিনৰ অন্তত দ্বিতীয়টো ড’জ ল'ব লাগিব৷