Sports
গুৱাহাটীঃ ৰাজ্যজুৰি ‘অসম জাতীয় পৰিষদ’ৰ বিক্ষোভ কাৰ্যসূচী পালন। কেইবাদফীয়া দাবীত দলটোৱে গণ-সত্যাগ্ৰহ কাৰ্যসূচী গহণ কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কৃষকৰ সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰযসূচী গ্ৰহণ কৰা হৈছে।
অসমৰ কৃষকৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদীসকলে। আমবাৰীস্থিত ‘অসম জাতীয় পৰিষদ’ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিমান বন্দৰৰ ব্যক্তিগতকৰণৰো বিৰোধিতা কৰা হৈছে।
ৰাজ্যৰ অন্য প্ৰান্ততো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মৰিগাঁৱত গ্ৰহণ কৰা কাৰ্যসূচীত অংশ লৈছে ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
Leave A Comment