• ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ১,২৭৫ জন

    আঞ্চলিক
    ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ১,২৭৫ জন

    গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ৷ মঙলবাৰৰ দিনটোত আক্ৰান্ত হয় ১,২৭৫ জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ক'ভিড টেষ্ট কৰা হয় ১,৭৬,১৯৭জন লোকৰ৷ যাৰ ফলত কামৰূপ মেট্ৰ' ত কৰ’নাত আক্ৰান্ত হয় ২০৯ জন৷





    গোলাঘাটত আক্ৰান্ত হয় ১০৬জন৷ডিব্ৰুগড়ত আক্ৰান্ত হয় ৯০জন, কামৰূপ গাম্যত ৬৯জন৷ আক্ৰান্তৰ হাৰ আছিল ০.৭২ শতাংশ৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ১৯ জনৰ৷





    বৰপেটাত মৃত্যু হয় ৪জন, কামৰূপ মেট্ৰ'ত ৩জন, ডিব্ৰুগড় আৰু কামৰূপ গাম্যত মৃত্যু হয় ২জনৰ৷ বিশ্বনাথ, কাছাৰ,চিৰাং, দৰং, গোলাঘাট, গোলাঘাট, হোজাই, লখিমপুৰ, তিনিচুকীয়াত মৃত্যু হয় এজনকৈ লোকৰ৷ আনহাতে আৰোগ্যৰ হাৰ ৯৬.৮৮ শতাংশ৷