• ৰাজ্যত আজিৰেপৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান, আনন্দিত শিক্ষক-শিক্ষাৰ্থীসকল

    আঞ্চলিক
    ৰাজ্যত আজিৰেপৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান, আনন্দিত শিক্ষক-শিক্ষাৰ্থীসকল

    ডিজিটেল ডেস্কঃ দীৰ্ঘ বিৰতিৰ অন্তত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজিৰেপৰা আৰম্ভ হৈছে ৰাজ্যৰ নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া। স্বাস্থ্য বিভাগে জাৰি কৰা এছঅ’পিৰ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ে। সুদীৰ্ঘ সাত মাহৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত হৈ পৰিছে ছাত্র-ছাত্ৰীসকল।





    ৭মাহৰ বিৰতিৰ অন্তত আজিৰেপৰা পুনৰাই পাঠদান পৰ্ব আৰম্ভ হৈছে নৱম শ্ৰেণীৰ। নতুনকৈ পাঠদানৰ আৰম্ভণি হোৱাৰ লগে লগে বহু বিদ্যাৰলয়ৰ ছাত্র-ছাত্ৰীসকলক দুটা শাখাত বিভক্ত কৰি পাঠদান কৰা হৈছে। এখন বেঞ্চত দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া হৈছে। ইয়াৰ উপৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।





    যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই, তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে বা সতৰ্কবাণী প্ৰদান কৰি ওভতাই পঠিওৱা হৈছে। ক’ভিড-১৯ৰ বাবে সুদীৰ্ঘ ৭ মাহে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্র-ছাত্ৰীসকল। বিশেষকৈ দৰিদ্ৰ ছাত্র-ছাত্ৰীসকলে স্মাৰ্ট ফোন নোহোৱাৰ বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বহু পৰিমাণে বঞ্চিত হৈছিল। ইয়াৰ উপৰি বহু অঞ্চলত নেটৱ’ৰ্কৰ অসুবিধাৰ বাবেও ছাত্র-ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। সেইসকল ছাত্ৰীৰ লগতে অনলাইনত পাঠগ্ৰহণ কৰা ছাত্ৰীসকলৰ বাবে নতুন শ্ৰেণীকোঠাত পুনৰ পাঠসমূহ পঢ়োৱাৰ লগতে নতুন কৌশল গ্ৰহণ কৰি সকলোকে সমানে আগুৱাই নিবলৈ প্ৰস্তুতি গ্ৰহণ কৰিছে শিক্ষকসকলে।