• ৰাজ্যত উন্নত কৰ’নাৰ পৰিস্থিতি : সুস্থ হৈছে ৩৭২জন

    আঞ্চলিক
    ৰাজ্যত উন্নত কৰ’নাৰ পৰিস্থিতি : সুস্থ হৈছে ৩৭২জন

    গুৱাহাটী : ৰাজ্যত উন্নত হৈছে কৰ’নাৰ পৰিস্থিতি৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় মুঠ ৩২১ জন লোক৷ গুৱাহাটীত কালিৰ দিনটোত আক্ৰান্ত হৈছে ৮৪ জন৷ দৰঙত ২৮, যোৰহাটত ৩৩জন, নলবাৰীত ১৭ আক্ৰান্ত, লখিমপুৰত ১২, কামৰূপ গাম্যত ১০জন, শোণিতপুৰত ১৫জন আক্ৰান্ত হয় ক'ৰনা ভাইৰাছত৷





    এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৯১৯৮০জনলৈ পাইছে বৃদ্ধি পাইছে। ইপিনে বিগত ২৪ ঘণ্টাত অসমত মৃত্যু হয় ৬ জন লোকৰ৷ তাৰবিপৰীতে দেওবাৰৰ দিনটোত সুস্থ হৈছে ৩৭২জন ক'ভিড আক্ৰান্ত৷





    উল্লেখযোগ্য যে, অসমত ক'ৰনাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ৪৯৯৯জন ৰোগী। সামগ্ৰিক পজিটিভিটি শতাংশ ০.৮৭শতাংশ৷ কালিৰ দিনটোত ৩৬,৭২৯জন লোকৰ ক'ভিড টেষ্ট কৰা হয়৷