• ৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত : আক্ৰান্ত হয় ১,১৮২ জন

    আঞ্চলিক
    ৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত : আক্ৰান্ত হয় ১,১৮২ জন

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত৷ কালিৰ দিনটোত অসমত আক্ৰান্ত হয় ১,১৮২ জন৷ বৰ্তমানেও বিপদমুক্ত হোৱা নাই গুৱাহাটী৷ মঙলবাৰে গুৱাহাটীত আক্ৰান্ত হয় ১৭৭ জন৷ কালিৰ দিনটোত ৰাজ্যত ১,৫৪,১০২ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন হয়৷





    যাৰ ফলত আক্ৰান্তৰ হাৰ ০.৭৭ শতাংশ বুলি জানিবলৈ পোৱা যায়৷ কালিৰ দিনটোত মৃত্যু হয় ১৩ জন ক'ভিড আক্ৰান্তৰ৷ মঙলবাৰে ১,১৫৮জন আৰোগ্য লাভ কৰে৷ তাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১১,০৯৩জন৷ কালি বৰপেটাত আক্ৰান্ত হয় ৭৫জনকৈ লোক, গোলাঘাটত ৭৪জন আৰু যোৰহাটত ৭২জন৷