• ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস: বৃদ্ধি আৰোগ্যৰ হাৰ

    আঞ্চলিক
    ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস: বৃদ্ধি আৰোগ্যৰ হাৰ

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস৷ ক'ভিডৰ দ্বিতীয় ঢৌত প্ৰথমবাৰলৈ নিম্নগামী হৈছে আক্ৰান্তৰ সংখ্যা৷ দেওবাৰে ৰাজ্যত আক্ৰান্ত হয় মুঠ ১২১৩ জন লোক৷ মহানগৰীতো হ্ৰাস পাই আছিছে ক'ভিড আক্ৰান্তৰ সংখ্যা৷

    বিগত ২৪ ঘণ্টাত কামৰূপ মেট্ৰ'ত কৰ’নাত আক্ৰান্ত হয় মুঠ ১৪০ জন৷ আনহাতে কালিৰ দিনটোত ৰাজ্যত কৰ’না আক্ৰান্ত হৈ মৃত্যু হয় ২০ জনৰ৷ দেওবাৰৰ দিনটোৰ কৰ’নাত আক্ৰান্তৰ হাৰ আছিল ২.২৫ শতাংশ৷ ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৪.৫৬ শতাংশ৷