• ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক

    আঞ্চলিক
    ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ সোমবাৰে নতুনকৈ আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক৷ গুৱাহাটী মহানগৰ জিলাত আক্ৰান্ত হয় ১৬৫গৰাকী৷ সোমবাৰে মৃত্যু ঘটিছে ১১ গৰাকী ক'ভিড ৰোগীৰ৷ বিগত ২৪ ঘণ্টাত ক'ভিড টেষ্ট কৰা হৈছে ৯৪,৬৩৬ গৰাকীৰ৷





    বৰ্তমানলৈ আৰোগ্যৰ হাৰ ৯৭.৬৮ শতাংশলৈ বৃদ্ধি হৈছে৷ তাৰবিপৰীতে চিকিৎসাধীন হৈ আছে ৬,৬৪৮গৰাকী৷ কালিৰ দিনটোত গোলাঘাটত আক্ৰান্ত হৈছে ৪৭জন লোক, শিৱসাগত আক্ৰান্ত হৈছে ৩৯জন, ডিব্ৰুগড়ত ৩৮ জনকৈ লোক৷ বৰত্মানলৈ ৰাজ্যত ক'ভিড আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৫,৫৮৭জন৷