Lifestyle
গুৱাহাটী: ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ বিগত ২৪ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ৪৭১জন লোক৷ কালিৰ দিনত দিনটোত ৮০,৯৩৭ জনক ক’ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটীত ১০৫জন লোক কৰ’নাত আক্ৰান্ত হয়৷
শোণিতপুৰত ৩২জন, শিৱসাগৰত ৩০জন, গোলাঘাটত ২৯জন লোক আক্ৰান্ত হয় কৰ’নাত৷ মঙলবাৰে ৯জন লোক কৰ’নাক্ৰান্ত হৈ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ যোৰহাট, মৰিগাঁৱত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ গাম্য, লখিমপুৰত এজনকৈ লোক মৃত্যু হয় কৰ’নাত৷
বাতৰি লিখা পৰলৈ ৰাজ্যত মুঠ ৫,৭১৯জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে৷ বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৫,১১০জন লোক৷ তাৰ বিপৰীতে আৰোগ্যলাভ কৰিছে ৪২০জনে৷ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৭.৯৫শতাংশ৷
Leave A Comment