• ৰাজ্যত কৰ’নাৰ সংক্ৰমণ: আক্ৰান্তৰ হাৰ গোলাঘাটত সৰ্বাধিক

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ শনিবাৰৰ দিনটোত অসমত আক্ৰান্ত হয় মুঠ ২,৩৭৫ জন লোক৷ গোলাঘাটত পুনৰ বাৰ সৰ্বাধিক আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷ মুঠ ৩১৬ জন আক্ৰান্তৰে পঞ্চমটো দিনৰ অভিলেখ গঢ়িলে৷ 

    আনহাতে শনিবাৰে ৰাজ্যত প্ৰাণ গ’ল মুঠ ২৮ জন লোকৰ৷ ৰাজ্যত আক্ৰান্তৰ হাৰ গোলাঘাটৰ পাছত যোৰহাটত সৰ্বাধিক৷ জিলাখনত মুঠ আক্ৰান্ত হয় ২৩১জন, গুৱাহাটীত মুঠ আক্ৰান্ত হয় ১৬৮ জন৷ লখিমপুৰত ১৬৬ জন, শোণিতপুৰত ১৪৬ জন আক্ৰান্ত৷ নগাঁৱত নতুনকৈ আক্ৰান্ত হয় ১০০ জন৷ 

    Weather Forecast