• ৰাজ্যত কৰ’না সংক্ৰমণ অব্যাহত, উদ্বেগমুক্ত হোৱা নাই পৰিস্থিতি

    আঞ্চলিক
    ৰাজ্যত কৰ’না সংক্ৰমণ অব্যাহত, উদ্বেগমুক্ত হোৱা নাই পৰিস্থিতি

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ কালিৰ দিনটোত ৰাজ্যত মুঠ ২,৩৯১ জন লোক নতুনকৈ আক্ৰান্ত হয়৷ আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হয় ২৪ জন কৰ'না আক্ৰান্তৰ৷ গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ২২৮জন লোক৷

    শোণিতপুৰত আক্ৰান্ত হয় ১৪১জন, যোৰহাটত আক্ৰান্ত হয় ২০৬জন, গোলাঘাটত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হয় কৰ'নাত৷ মুঠ ২৩৪জন আক্ৰান্ত হয় জিলাখনত৷ শিৱসাগৰত ১৩২জন, ডিব্ৰুগড়ত ১১৩জন, নগাঁৱত ১১১জন আক্ৰান্ত হয়৷ লখিমপুৰত ১০৯জন, বাকসাত ১০০জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷