• ৰাজ্যত কৰ'নাৰ সংক্ৰমণ হ্ৰাস: আক্ৰান্ত হয় ১,২৭৬ জন

    আঞ্চলিক
    ৰাজ্যত কৰ'নাৰ সংক্ৰমণ হ্ৰাস: আক্ৰান্ত হয় ১,২৭৬ জন

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ কালিৰ দিনটোত কৰ'নাত আক্ৰান্ত হয় ১,২৭৬ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত ১,১২,৩৩২ জন লোকক ক'ভিড টেষ্ট কৰা হয়৷





    তাৰ ভিতৰত কামৰূপ মেট্ৰ'ত আক্ৰান্ত হয় ১৬১ জন, গোলাঘাটত ৯৮জন, লখিমপুৰত ৯৫জন, নগাঁৱত ৬৬জন আক্ৰান্ত হয় কৰ'নাত৷





    বুধবাৰৰ দিনটোত ২১ জনৰ লোকৰ কৰ’নাত মৃত্যু হয়৷ ৰাজ্যত সুস্থতাৰ হাৰ ৯৬.৫০ শতাংশ ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ১.১৪ শতাংশ৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৩,১৫২জন লোক৷