Business
গুৱাহাটী : ৰাজ্যত কৰ’না পৰিস্থিতি অধিক উন্নত হোৱা দেখা গৈছে৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ১,৪৩৬ জন আক্ৰান্ত চিনাক্ত হৈছে যদিও আৰোগ্যৰ হাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কালিৰ দিনটোত ৰাজ্যত ১,৫৫,৪৯৫জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়৷
তাৰ ভিতৰত বিগত ২৪ ঘণ্টাত কামৰূপ মেট্ৰ'ত চিনাক্ত হয় ১৬৯জন আক্ৰান্ত৷ গোলাঘাটত ১৩১জন আক্ৰান্ত চিনাক্ত হয়৷ লখিমপুৰত ১২২জন আৰু নগাঁৱত ৭৮জন আক্ৰান্ত চিনাক্ত হয়৷ মঙলবাৰে ৰাজ্যত ১৮জন কৰ’না আক্ৰান্তৰ মৃত্যু হয় আৰু তাৰ বিপৰীতে আৰোগ্য লাভ কৰে ১৩১২জনে৷
সমগ্ৰ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৬.৪০ শতাংশ৷ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ হাৰ এতিয়া ০.৯২ শতাংশলৈ হ্ৰাস হৈছে৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৩,৬৮৮জন লোকে৷
Leave A Comment