Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
চৰাইদেউ : ৰাজ্যৰ কেইবাঠাইতো সক্ৰিয় হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী৷ চৰাইদেউ, কলিয়াবৰ, মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য। চৰাইদেউৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত উদ্ধাৰ ব্ৰাউন চুগাৰৰ দৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, ড্ৰাগছ সেৱন বাবে ব্যৱহাৰ কৰা বিভিন্ন আহিলা আৰু চিৰিঞ্জ। লগতে আটক দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে নামতোলা হাতীকেম্পৰ ৰোনাল আলী, নামতোলা গাহৰিকটা লাইনৰ মইনা থাপা।
আৰু পঢ়িব পাৰিব : শপত লৈয়ে কি বাৰ্তা দিলে মমতাই, কোনে জনালে শুভেচ্ছা?
কলিয়াবৰৰ বাগৰিতো সন্দেহযুক্ত হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী৷ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বাগৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰিৰ হাৰমতীৰ পৰা হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে আব্দুল আলী আৰু ইছমাইল আলী নামৰ দুজন সৰবৰাহকাৰীক৷
আৰু পঢ়িব পাৰিব : ৰবীন্দ্ৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা এগৰাকী শিল্পীৰ…
ইপিনে, মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়াল বঢ়ি গাঁৱৰ পৰা নিশা ১১ বজাত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহী মতিউৰ ৰহমান (২৯)ৰ বাসগৃহৰ পৰা ১৮ কণ্টেইনাৰসহ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমানকো কৰায়ত্ব কৰি 247/21 U S 22 (A) 29 NDPS নং ধাৰাত গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।
Leave A Comment