• ৰাজ্যত নিৰ্বাচনকেন্দ্ৰীক হিংসা ! প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ, মৃত্যু এজনৰ

    আঞ্চলিক
    ৰাজ্যত নিৰ্বাচনকেন্দ্ৰীক হিংসা ! প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ, মৃত্যু এজনৰ

    গুৱাহাটীঃ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে অসমৰ বিভিন্ন স্থানত সংঘটিত হৈছে হিংসাত্মক ঘটনা। শুকুৰবাৰৰ নিশা দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৰূপহীহাটৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামা। নিশা প্ৰায় ১-৩০ বজাত প্ৰাৰ্থীগৰাকীৰ জুৰীয়াৰ মাহেৰীপাৰাৰ নিজা ঘৰৰ সন্মুখৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে হাত-ভৰি বান্ধি অপহৰণ কৰি আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে প্ৰাৰ্থীগৰাকী।





    আৰু পঢ়িব পাৰিব : মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক আক্ৰমণ! আটক ১





    পাছত স্থানীয় একাংশ লোকৰ সহযোগত প্ৰাৰ্থীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। কোনে কি কাৰণত প্ৰাৰ্থীগৰাকীক এইদৰে আক্ৰমণ কৰিছে, সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই!





    আনহাতে, শুকুৰবাৰে সন্ধিয়া ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমাৰ নগাঁৱত বিজেপি দলৰ বুথ সভাপতি দেৱানন্দ গগৈক ছুৰীৰে হত্যা কৰিছে জয়চন্দ্ৰ গগৈ নামৰ ব্যক্তি এজনে। পাছত আৰক্ষীয়ে হত্যাকাৰী জয়চন্দ্ৰ গগৈক আটক কৰে।





    আৰু পঢ়িব পাৰিব : ‘ট্ৰাম্প বুদ্ধ’ : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নতুন অৱতাৰ





    ইফালে আমগুৰি সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা চলায় দুৰ্বৃত্তই। শুকুৰবাৰৰ নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিধায়কজনৰ গাড়ীত আক্ৰমণৰ চেষ্টা পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলৰ।