• ৰাজ্যত পুনৰ এনকাউণ্টাৰঃ নিহত NLFBৰ কেডাৰ

    আঞ্চলিক
    ৰাজ্যত পুনৰ এনকাউণ্টাৰঃ নিহত NLFBৰ কেডাৰ

    ওদালগুৰিঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে অসম আৰক্ষীৰ। ওদালগুৰি জিলাৰ মাজবাটত নিহত হৈছে উগ্ৰপন্থী। নিহত হোৱা উগ্ৰপন্থীজন NLFBৰ কেডাৰ জয়ফুৰুষ বুলি আমাৰ সাংবাদিকে জনাইছে।





    ওদালগুৰি জিলাৰ মাজবাটৰ ডিমাচাঙত সেনা-আৰক্ষীয়ে চলাইছিল অভিযান। ঘটনাস্থলীৰ পৰা উদ্ধাৰ এটা পিষ্টল, বহু সজীৱ গুলী। বাথাৰ অন্যতম সহযোগী আছিল উগ্ৰপন্থীজন। কিছুদিন পূৰ্বে গুৱাহাটীতো বাহৰ পাতিছিল জয়ফুৰুষে। আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড আছিল তেওঁ।