• ৰাজ্যত পুনৰ এনকাউণ্টাৰ : গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী ৰুহুল আমিন

    আঞ্চলিক
    ৰাজ্যত পুনৰ এনকাউণ্টাৰ : গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী ৰুহুল আমিন

    শোণিতপুৰ : এনকাউণ্টাৰ আৰু অসম আৰক্ষী বৰ্তমান একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি যেন হৈছে৷ এনকাউণ্টাৰৰ খবৰে শিৰোনামত দখল নকৰিলে যেন আধৰুৱা হয় বাতৰি৷ এইবাৰ শোণিতপুৰৰ চাৰিদুৱাৰত নিশা ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰিলে চাৰিদুৱাৰ আৰক্ষীয়ে। দেওবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটৰ পৰা তিনিলাখ টকাৰ মূল্যৰ ১৩৬ টা ব্ৰাউন চুগাৰৰ কনটেইনাৰ সহ তিনিজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।





    আটকাধীন লোককেইজন হৈছে ৰুহুল আমিন,ৰাজিবুৰ,নুৰজামাল হক৷ ইয়াৰে ৰুহুল আমিনৰ ওচৰত মাৰনাস্ত্ৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ আৰু গোপন সুত্ৰৰ পম খেদি, মাৰনাস্ত্ৰ বিচাৰি যোৱাৰ সময়তে ৰুহুলে আৰক্ষীক থেলা মাৰি পলাবলৈ চেষ্টা কৰে, যদিও আৰক্ষীয়ে গুলিয়াই আহত কৰে ।





    উল্লেখ্য যে, ৰুহুল আমিন এটা কুখ্যাত অপৰাধী আছিল ৷ ইয়াৰ পুৰ্বেও ৰুহুলে তেলৰ টেংকাৰ হাইজেক কৰি দুবাৰকৈ জেল গৈছিল।