• ৰাজ্যত পুনৰ কিশোৰী ধৰ্ষণকাণ্ডঃ গ্ৰেপ্তাৰ বিবাহিত পুৰুষ

    আঞ্চলিক
    ৰাজ্যত পুনৰ কিশোৰী ধৰ্ষণকাণ্ডঃ গ্ৰেপ্তাৰ বিবাহিত পুৰুষ

    ধেমাজি: অপৰাধজনিত ঘটনাৰ প্ৰতি প্ৰশাসনে চোকা নজৰ ৰখাৰ সময়তে ৰাজ্যত পুনৰ সংঘটিত হৈছে এক অমানৱীয় কাণ্ড! এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ৩১ বছৰীয়া বিবাহিত পুৰুষৰ বিৰুদ্ধে। বিগত ১ আগষ্টৰ দিনৰ ১ বজাত সংঘটিত হৈছে এই ঘটনা।





    কিশোৰীগৰাকীৰ দিনহাজিৰা কৰা পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত ৰাজীৱ মেদক নামৰ বিবাহিত ধৃত পুৰুষজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ১২ বছৰীয়া কিশোৰীগৰাকীক মুখত সোপা দি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পাছত আৰক্ষীয়ে অভিযান চলাই লম্পটটোক আটক কৰে। কামৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত পিতৃয়ে নিজ চকুৰে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। পিতৃয়ে চিঞৰ-বাখৰ কৰাৰ লগে লগে ৰাজীৱ মেদকে পলায়ন কৰে। স্থানীয় ৰাইজে যুৱকজনক বিচাৰে যদিও গাঁও এৰি আত্মগোপন কৰি থকা অৱস্থাত চিলাপথাৰ আৰক্ষীয়ে অভিযান চলায় অভিযুক্তক আটক কৰে।





    চিলাপথাৰ থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ৩৭৪/২১, ৪৪৭/৩৭৬ৰ ভাৰতীয় দণ্ড বিধিৰ আৰ/ডব্লিও ফৰ অব্ প’স্ক’ আইনৰ অধীনত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।