• ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড, চাৰি লম্পটৰ যৌন আতিশয্য মহিলাক

    আঞ্চলিক
    ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড, চাৰি লম্পটৰ যৌন আতিশয্য মহিলাক

    বকো : ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য ধৰ্ষণ কাণ্ড৷ টকা ধাৰে দিয়াৰ প্ৰলোভন দি এগৰাকী মহিলাক চাৰি পাষণ্ডই মিলি ওৰে নিশা চলালে ধৰ্ষণ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ জাওকাটাদিয়াত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড৷





    উল্লেখ্য যে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওকাটা দিয়াৰ আব্দুল মান্নান, সংসেৰ আলী আৰু মজিদ আলী নামৰ তিনি পাষণ্ডই প্ৰথমে মহিলাগৰাকীক নিশা পথাৰলৈ মাতি নি মৰাপাট খেতিৰ মাজত বলাৎকাৰ কৰে৷ তাৰ পাছতেই একে গাঁৱৰে হবিবৰ ৰহমান নামৰ বৃদ্ধ লোক এজনৰ ঘৰলৈ মহিলাগৰাকীক লৈ যায়৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীক হবিবৰ ৰহমানৰ ঘৰত থাকিবলৈ দিয়ে যদিও হবিবৰ ৰহমানেও নিশা মহিলাগৰাকীৰ যৌন আতিশয্য চলায়৷ পাছত উপায়হীন হৈ মহিলাগৰাকীয়ে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত হবিবৰ ৰহমানক আটক কৰি লৈ আনে যদিও তিনি পাষণ্ড আব্দুল মান্নান, মজিদ আলী আৰু সংসেৰ আলী পলাতক হৈ আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷'