Breaking News
গোৱালপাৰাঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কৱলত গোৱালপাৰা জিলাৰ সমগ্ৰ অসম-মেঘালয় সীমান্ত! ধাৰাবাহিকভাৱে সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা ডাইনীকাণ্ডৰ ঘটনা। বেলগুৰি-হাতীগাঁৱৰ নিশংস ডাইনীকাণ্ডৰ পাছত পুনৰ সংঘটিত হৈছে আন এক ভয়ানক ডাইনীকাণ্ড। ডমিনিক চিএইচ চাংমা নামৰ এগৰাকী লোকে সামাজিক মাধ্যমত ডাইনীৰ সন্দেহত এগৰাকী গাৰো মহিলাক কৰা নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম-মেঘালয়ৰ সীমান্তত।
দেওবাৰে ভাইৰেল কৰা ভিডিঅ’টোত এগৰাকী মহিলাক হাত-ভৰি বান্ধি মাছ ধৰা প্লাষ্টিক জালেৰে মেৰিয়াই লৈ চলাই গৈছিল নিৰ্যাতন। ডাইনী বুলি সন্দেহ কৰা দুৰ্ভগীয়া মহিলাগৰাকীক ঘৰৰ মজিয়াত বগৰাই লৈ একাংশ লোকে চৰ-ভুকুৰ মাজে মাজে গাহৰিৰ দাঁতেৰে নাক আৰু কাণৰ গুৰিত খুচিয়াই দিয়া দেখা গৈছে। অমানৱীয় নিৰ্যাতনত চিৎকাৰ কৰি উঠা মহিলাগৰাকীক বেজ বা ওজাৰ সৈতে নিৰ্যাতনৰ সমান্তৰালকৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি চলাই গৈছে নিৰ্যাতন। উক্ত ঘটনা সন্দৰ্ভত এই মুহূৰ্তলৈ অসম আৰক্ষীৰ জ্ঞাত নহয়। এনেবোৰ ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে কঠোৰ অভিযান চলোৱা উচিত বুলি সচেতন মহলে মতপোষণ কৰিছে।
Leave A Comment