• ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড, অপৰাধীক ফাঁচি দিয়াৰ দাবী

    আঞ্চলিক
    ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড, অপৰাধীক ফাঁচি দিয়াৰ দাবী

    বিজনী : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এগৰাকী কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত লম্পট ফৰাজুল আলী নামৰ এজন লোক। বাকসা জিলাৰ খাৰিজা বিজনী মৌজাৰ উন্নেকুৰী গাঁওৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰিলে সৰভোগ আৰক্ষী চকীৰ অন্তৰ্গত পোৰাগাঁওৰ ফৰাজুল আলী নামৰ লম্পট লোক এজনে।





    নিজ বাসগৃহৰ ওচৰৰে উন্নেকুৰী ঘাটত এৰাল দিয়া ছাগলী আনিবলৈ যোৱা কিশোৰীগৰাকীক ফৰাজুলে ফুচুলাই অপহৰণ কৰি নিয়ে তাৰ পিছতে উপৰ্যুপৰি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত IPC 164/21 ধাৰাত ফৰাজুল আলীক স্থানীয় লাৱদাংগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।





    এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধৰ্ষণকাৰীক ফাঁচি দিবলৈ দাবী উত্থাপন কৰিছে হিন্দু জাগৰণ মঞ্চ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বাকসা জিলা সমিতিৰ বিষয়ববীয়াই।