• ৰাজ্যত পুনৰ পাশৱিক কাণ্ড! ডাইনীৰ সন্দেহত গৰ্ভৱতী মহিলাক অকথ্য নিৰ্যাতন

    আঞ্চলিক
    ৰাজ্যত পুনৰ পাশৱিক কাণ্ড! ডাইনীৰ সন্দেহত গৰ্ভৱতী মহিলাক অকথ্য নিৰ্যাতন

    ওদালগুৰিঃ ৰাজ্যত চাৰিমাহৰ পূৰ্বে সংঘটিত হৈছিল এক নাৰকীয় কাণ্ড। ৰশ্মিতা ওৰাং নামৰ এগৰাকী তিনিমহীয়া গৰ্ভৱতী মহিলাক ডাইনীৰ সন্দেহত একাংশ আত্মীয় আৰু গাঁৱৰ লোকে চলাইছিল অকথ্য শাৰীৰিক নিৰ্যাতন! ঘটনা অনুসৰি উক্ত দিনটোত গাঁৱৰ এটা পৰিয়ালৰ ঘৰত এটি গৰু মৰিছিল কোনো অচিন ৰোগত।





    ৰশ্মিতাৰ আত্মীয়ৰে আছিল সেই গৰুটো। কিন্তু আচৰ্যজনকভাৱে ৰশ্মিতাৰ কোনো অলৌকিক প্ৰভাৱত গৰুটো মৃত্যু হোৱা বুলি সন্দেহ কৰি একাংশ পুৰুষ-মহিলাই ডাইনীৰ সন্দেহত উপৰ্যুপৰি আক্ৰমণ কৰে ৰশ্মিতাৰ ওপৰত। ফলত গুৰুতৰভাৱে আহত হয় আৰু অচেতন হৈ পৰে। তাৰ পাছত কোনো লোকে স্থানীয় মাজবাট আৰক্ষী থানাত খবৰ দিয়াত সেই স্থানত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈ ৰশ্মিতাক অচেতন অৱস্থাত উদ্বাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। পাছত ৰশ্মিতাৰ সংজ্ঞা ঘূৰি আহে যদিও ৰশ্মিতাক গৰ্ভপাত কৰাবলগীয়াত পৰে।





    ঘটনাৰ পাছত ৰশ্মিতাৰ স্বামীয়ে মাজবাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰে যদিও আজিলৈ এজনো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল। একেবাৰে সাধাৰণভাৱে জীৱননিৰ্বাহ কৰা ৰশ্মিতাৰ পৰিয়ালৰ নিৰক্ষৰতা আৰু অজ্ঞতাৰ বাবেই ইমান দিনে বিষয়টো পোহৰলৈ অহা নাছিল বা সংবাদ মাধ্যমৰ দৃষ্টি গোচৰ হোৱা নাছিল। আৰু হয়তো ইমান দিনে তাৰেই সুযোগ গ্ৰহণ কৰি আৰক্ষীয়ে কোনোধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে। ডাইনী কাণ্ডৰ দৰে এটা জঘন্য কাণ্ড সংঘটিত হোৱাৰ পাছতো কিয় ১১জনকৈ অপৰাধী টিঘিল ঘিলাই ঘূৰি ফুৰিব পাৰিছে, সেয়াহে এক ৰহস্যৰ বিষয়!