• ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ

    আঞ্চলিক
    ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ

    গুৱাহাটী: দেশৰ বিভিন্ন প্ৰান্তৰ দৰেই অসমতো দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অৰাধৰ ঘটনা৷ ‘ৰাজীৱ ভৱন’ত কেইবাগৰাকী কংগ্ৰেছ নেত্ৰীৰ সংবাদমেলত আজি এই দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যত নাৰীজনিত অপৰাধৰ কেতবোৰ তথ্য দাঙি ধৰা হয়৷ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, বিধায়িকা নন্দিতা দাস, বিস্মিতা গগৈ আৰু জুৰি বৰদলৈয়ে৷





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়: ৰণজিৎ দাস





    নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত আয়োজিত সংবাদমেলখনত তেওঁলোকে দাবী কৰে যে বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় নাৰী সমাজ৷ নাৰীজনিত অপৰাধ ২০১৬ চনত প্ৰায় ২০ হাজাৰ হোৱাৰ বিপৰীতে ২০১৯ চনত প্ৰায় ৩০ হাজাৰ মহিলা নিৰ্যাতিত হয়৷ প্ৰায় ১৭০০ ধৰ্ষণৰ ঘটনা অসমত সংঘটিত হৈছে প্ৰতিবছৰে৷ অসমত প্ৰতিদিনে ৫গৰাকী নাৰী অথবা নাবালিকাৰ সৈতে ধৰ্ষণৰ দৰে ঘটনা ঘটি আছে৷ এই সকলো তথ্যৰ ভিত্তিত কংগ্ৰেছ নেত্ৰীকেইগৰাকীয়ে 'বেটি বচাওঁ বেটি পঢ়াওঁ'- শ্লোগান ভুৱা প্ৰমাণিত হোৱা বুলি দাবী কৰে৷





    আৰু পঢ়িব পাৰিব : হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’





    তেওঁলোকৰ মতে চৰকাৰৰ আঁচনিৰ বিপৰীতে প্ৰতিবছৰে ৰাজ্যত বাঢ়িছে নাৰী নিৰ্যাতনৰ ঘটনা৷ তদুপৰি তেওঁলোকে কয় যে ‘ফাষ্টট্ৰেক আদালত’ত খুব কম সংখ্যক কেছ নিষ্পত্তি কৰা হৈছে কাৰণ প্ৰশাসন ব্যৱস্থাত পৰ্যাপ্ত আৰক্ষী নিযুক্ত নহয়৷ এনে ধৰণৰ ঘটনাত জড়িত অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলত দাবী জনায় কংগ্ৰেছৰ নেত্ৰীবৰ্গই৷