• ৰাজ্যত বলবৎ নতুন নিৰ্দেশনা ! কাইলৈৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্যআইন !

    আঞ্চলিক
    ৰাজ্যত বলবৎ নতুন নিৰ্দেশনা ! কাইলৈৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্যআইন !

    গুৱাহাটী : ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন বিধি। ৫মে' অৰ্থাৎ বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যত সান্ধ্যআইন বলৱৎ কৰা হ'ব। লগতে, বিয়লি ২ বজাৰ পৰা ৰাজ্যখনৰ সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাৰ পৰা দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা আছিল আৰু সন্ধিয়া ৮বজাৰ পৰা সান্ধ্যআইন বলৱৎ কৰা হৈছিল।





    আৰু পঢ়িব পাৰিব : লকডাউনৰ দেশেই আগবাঢ়িছে দেশ! পুনৰ কোনে জনালে দাবী?





    অৱশ্যে বুধবাৰৰ পৰা এই নিয়ম বলৱৎ কৰা হ'ব যদিও অত্যাৱশ্যকীয় সেৱা যেনে বিদ্যুৎ, পানী আৰু ৰাজহুৱা পৰিবহণৰ আদি সেৱাসমূহক ৰেহাই দিয়া হৈছে। আনহাতে, কেৱল ২০জন লোকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব পাৰিব বিবাহ অনুষ্ঠান।





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ, অনাকাংক্ষিত অভিলেখ ডিব্ৰুগড় জিলাৰ





    তদুপৰি, মুকলি ঠাইত কোনোধৰণৰ সভা-সমিতি, অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত সকলোৰে বাবে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হয়।