• ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক'ভিড সংক্ৰমণ !

    আঞ্চলিক
    ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক'ভিড সংক্ৰমণ !

    গুৱাহাটী : মহানগৰীৰ কেইবাখনো বিদ্যালয়ত কৰ’নাৰ আতংকই দেখা দিছে৷ ডনবস্ক’ স্কুলৰ শিক্ষয়িত্ৰীৰ দেহত ক'ভিড-১৯এ দেখা দিয়াৰ পাছতে, হলীচাইল্ড স্কুলতো কৰ’নাৰ সংক্ৰমণ হৈছে৷ ইতিমধ্যে এই সংক্ৰমণৰ পাছতে কেইবাখনো স্কুলে বাতিল কৰিছে অফলাইন পৰীক্ষাসমূহ৷





    আৰু পঢ়িব পাৰিব : শিমলুগুৰিত বিদ্যুতৰ খুঁটাৰ ৰূপত বাঁহ-জীৱন্ত গছ





    কৰ'নাৰ নতুন সংক্ৰমণৰ পাছতে আতংকিত হৈ পৰিছে সকলো শিক্ষাৰ্থী আৰু অভিভাৱকসকল৷ অৱশ্যে বহু স্কুলে এতিয়াও বাতিল কৰা নাই অফলাইন পৰীক্ষা৷ যাৰ বাবে কণ কণ শিক্ষাৰ্থীক স্কুললৈ পঠিয়াবলৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল৷ লগতে অনলাইন পৰীক্ষা পাতিবলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছে অভিভাৱকসকলে৷





    আৰু পঢ়িব পাৰিব : কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতে কৰিলে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তি ?





    আনহাতে, সোমবাৰে ডিব্ৰগড় বিশ্ববিদ্যালয়তো দুগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ জানিব পৰা মতে, এই সংক্ৰমণ ধৰা পৰাৰ পাছতে বিভাগটোৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফলত সকলোৰে নেগেটিভ আহিছে৷





    ভেকচিক প্ৰদান প্ৰক্ৰিয়া ৰাজ্যত আৰম্ভ হৈছে যদিও প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীসকলক দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷