ডিব্ৰুগড় : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ ভিতৰত শিশু আক্ৰান্ত হৈছে সৰ্বাধিক৷ অসম চিকিৎসা মহাবিদ্যালয়ত ১৩ টাকৈ শিশুৰ লগতে মুঠ ৩২৩ জন এইচ আই ভি আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, ধেমাজি, লখিমপুৰ জিলাৰ আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক। উজনি আৰু উত্তৰ অসমৰ জিলাকেইখনত মুঠ ৩২৩ গৰাকী আক্ৰান্তৰ ভিতৰত ১৯২ গৰাকী পুৰুষৰ বিপৰীতে ১১৭ গৰাকী মহিলাও আক্ৰান্তৰ হৈছে ।
আনহাতে, ১গৰাকী উভয় লিংগৰ লোক আক্ৰন্ত হৈছে এইচ আই ভিত। আক্ৰান্তৰ ভিতৰত ৩৮ জনৰ ইতিমধ্যেই মৃত্যু হৈছে । জীৱিত অৱস্থাত অৰ্থাৎ নিয়মীয়া চিকিৎসা গ্ৰহণ কৰি থকা আক্ৰান্তৰ সংখ্যা ২২৯ গৰাকী।
একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন আৰু আক্ৰান্তৰে শাৰীৰিক সম্পৰ্কৰ বাবেই ৰাজ্যত ভয়াৱহ ৰূপত এইচ আই ভি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই প্ৰকাশ কৰিছে ৷ বিগত ডেৰটা বছৰৰ এয়া উদ্বেগজনক তথ্য।
Leave A Comment