• ৰাজ্যত ভুৱা নথি-পত্ৰৰে বিক্ৰী বাহনঃ জব্দ বহুকেইখন বাহন

    আঞ্চলিক
    ৰাজ্যত ভুৱা নথি-পত্ৰৰে বিক্ৰী বাহনঃ জব্দ বহুকেইখন বাহন

    তিনিচুকীয়াঃ ৰাজ্যত ভুৱা নথি-পত্ৰৰে বিক্ৰী কৰা হয় বাহন৷ তিনিচুকীয়া আৰক্ষীচকীত 1013/21 ইউ/এছ 406/420 আইপিচিৰ অধীনত ৰুজু হৈছিল এটা গোচৰ৷ আৰু এই গোচৰৰ আধাৰত তিনিচুকীয়া আৰক্ষীয়ে জদ্ধ কৰে ১০খনকৈ বাহন৷





    শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ অঞ্চলত মুঠ ১০খন বাহন চিনাক্ত কৰিছিল আৰু সেই অনুসৰি গোচৰটোৰ সন্দৰ্ভত জব্দ কৰা হৈছিল বাহনকেইখন। অনুসন্ধানৰ সময়ত প্ৰকাশ পোৱা তথ্য অনুসৰি ডিব্ৰুগড়ৰ ছাকিল আহমেদ নামৰ ব্যক্তি এজনে কিছু ভুৱা নথিৰ সহায়ত ডিমৌত উপৰোক্ত বাহনসমূহ বিক্ৰী কৰিছিল।





    সেই সকলো ক্ৰেতাক ধাৰা ৪১ এ চি আৰ পি চিৰ অধীনত জাননী প্ৰেৰণ কৰা হৈছিল। তদন্তৰ খাতিৰত এই ১০খন বাহন তিনিচুকীয়া আৰক্ষী থানালৈ লৈ যোৱা হৈছে।