• ৰাজ্যত ভয়ংকৰ ডকাইতি, বুকুত বন্দুক থৈ লুটিলে লাখে লাখে টকা

    আঞ্চলিক
    ৰাজ্যত ভয়ংকৰ ডকাইতি, বুকুত বন্দুক থৈ লুটিলে লাখে লাখে টকা

    কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি মধ্য চৰত সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা। জানিব পৰা মতে কছেৰ আলী নামৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে বৃহস্পতিবাৰে বৰপেটাৰোডৰ এক্সিছ বেংকৰ পৰা ৯ লাখ ২০ হাজাৰ টকা উঠাই লৈ ঘৰমুখী যাত্ৰা কৰিছিল। কিন্তু ঘৰ পাওঁতে নিশা হৈছিল| ফলত বালিকুৰি বজাৰ পাৰ হোৱাৰ পাছত নিশাৰ ভাগত চাৰিজন অচিনাক্ত দুৰ্বৃত্তই প্ৰথমে কছেৰ আলী নামৰ ব্যৱসায়ীজনক আগভেটি ধৰে আৰু তাৰ পাছত বুকুত বন্দুক ধৰি ডিঙিত গামোচাৰে মেৰিয়াই হত্যাৰ চেষ্টা কৰাৰ লগতে তেওঁৰ মোনাৰ পৰা সম্পূৰ্ণ টকা লৈ উধাও হয়।





    পিছমুহূৰ্তত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যৱসায়ীজনে উক্ত স্থানতে অচেতন হৈ পৰি থাকে যদিও কিছু সময়ৰ পাছতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লোকজনক তৎক্ষণাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।





    ইফালে ব্যৱসায়ীজনৰ সম্ভেদ উভতি অহাৰ পাছত সাংবাদিকৰ আগত সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বিৱৰণ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor