• ৰাজ্যত ভয়ংকৰ পথদুৰ্ঘটনা: মৃত্যু ৫জনৰ

    আঞ্চলিক
    ৰাজ্যত ভয়ংকৰ পথদুৰ্ঘটনা: মৃত্যু ৫জনৰ

    বাইহাটা চাৰিআলি: বাইহাটাত শুকুৰবাৰে নিশা সংঘটিত হোৱা শোকাৱহ পথদুৰ্ঘটনাত মৃত্যু হয় ৫গৰাকীকৈ লোকৰ। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুগৰাকী মহিলা। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়াৰ পাছত নিহত আন তিনিগৰাকী। বাইহাটা চাৰিআলি বিহদিয়াত কালি নিশা এম্বুলেঞ্চ আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল।





    নিহত পাঁচগৰাকীৰ মাজৰ বিমলা বড়ো আৰু বিলেশ্বৰী বড়ো নামৰ দুগৰাকী মহিলা ঘটনাস্থলীত থিতাতে নিহত হয়। আনহাতে চিকিৎসালয়ত মৃত্যু হয় তুফান বড়ো, ববীতা বড়ো আৰু উত্তম ৰাজবংশীৰ। নিহত আটাইৰে ঘৰ কামৰূপৰ গাছবাৰীৰ শিমলোটোলাত বুলি জানিব পৰা গৈছে।





    উল্লেখ্য যে, এম্বুলেঞ্চখনৰ চালকৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে। কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ বাইহাটাস্থিত বিধায়ক আৱাসৰ পৰা বিধায়কগৰাকীক সাক্ষাৎ কৰি নিজগৃহলৈ টেম্পোৰে ওভতাৰ পথত এই ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হয়।