• ৰাজ্যত ৫০০কোটিৰ ড্ৰাগছৰ বেহা, জড়িত আৰক্ষীও! বিধানসভাত মুখ্যমন্ত্ৰীৰ তথ্য

    আঞ্চলিক
    ৰাজ্যত ৫০০কোটিৰ ড্ৰাগছৰ বেহা, জড়িত আৰক্ষীও! বিধানসভাত মুখ্যমন্ত্ৰীৰ তথ্য

    গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ আজি তৃতীয়টো দিনত সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ বিৰোধী অভিযান সম্পৰ্কত গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে৷ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত চলি থকাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, দুমাহত অসমত ১,১২১টা গোচৰ ৰুজু কৰা হৈছে৷ ১,৮৯৭জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে৷ জব্দ কৰা হৈছে ২৭ কিলোগ্ৰাম হেৰ’ইন৷ তদুপৰি, ১২,৮২৩ কেজি গাঞ্জা, ৭৮ হাজাৰ বটল কফ ছিৰাপ, ৪১ কেজি অপিয়াম জব্দ কৰা বুলিও তেওঁ সদৰি কৰে৷ উত্তৰ পূবৰ একাংশ উগ্ৰপন্থীয়ে অপাৰেচনলৈ যোৱাৰ সময়ত yaba tablets ব্যৱহাৰ কৰে বুলি তেওঁ মন্তব্য কৰে৷ এই টেবলেট ব্যৱহাৰ কৰিলে লোকজনে একপ্ৰকাৰ বাহ্যিক জ্ঞানশূন্য হৈ কাম কৰি থাকিব পাৰে৷





    এই ধাৰাবাহিক অভিযান কালত ১৩ লাখ ৬ হাজাৰ Yaba tablets জব্দ কৰাৰ তথ্যও তেওঁ বিধানসভাত প্ৰকাশ কৰে৷ আৰক্ষীৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সোমাই গৈছিল বুলি চাঞ্চল্যকৰ মন্তব্য কৰে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অজিত দাসৰ অপহৰণ কাণ্ডই সেই কথা পোহৰলৈ আহিছে বুলি তেওঁ প্ৰকাশ কৰে৷ এতিয়ালৈ জব্দ হোৱা ড্ৰাগছবোৰ ১৭ বা ১৮জুলাইত ৰাজহুৱাকৈ জ্বলাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা বুলি তেওঁ প্ৰকাশ কৰে৷ ডিফু আৰু গোলাঘাটত ১৭ তাৰিখে জ্বলোৱা হ’ব জব্দকৃত বৰবিহ৷ ১৮ তাৰিখে হোজাই আৰু নগাঁৱত জ্বলাই দিয়া হ'ব ড্ৰাগছ৷ ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ সময়ত তেওঁ নিজে উপস্থিত থাকিব বুলিও সদৰি কৰে৷ স্থানীয় বিধায়ককো এই দৃষ্টান্তমূলক কাৰ্যসূচীত উপস্থিত থকাৰ তেওঁ আহ্বান জনায়৷ তেওঁ লগতে প্ৰকাশ কৰে যে, এতিয়াও বহু ড্ৰাগছ বজাৰত ঘূৰি আছে আৰু এতিয়ালৈ ২০% মানহ ড্ৰাগছহে জব্দ হৈছে৷ ড্ৰাগছ সৰবৰাহত একাংশ উগ্ৰপন্থী জড়িত থকা বুলিও তেওঁ প্ৰকাশ কৰে৷ তেওঁ বিধানসভাত দিয়া তথ্য অনুসৰি ৰাজ্যত ৪০০/৫০০ কোটি টকাৰ ড্ৰাগছৰ বেহা চলিছে৷ ইফালে আলফাই ড্ৰাগছ বেহা কৰা নাই বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আনকি আলফাই ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য আৰক্ষীক দিয়া বুলিও তেওঁ প্ৰকাশ কৰে৷ এয়া ভাল খবৰ বুলি অবিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ অসম আৰক্ষীৰ চাৰ্ভিছ ৰুল সলনি কৰিবলৈ আৰক্ষী অধীক্ষক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷ কাম ভাল কৰা ASIক পোনে পোনে পৰিদৰ্শক পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰে প্ৰচেষ্টা হাতত লোৱাৰ কথা সদৰি কৰে৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ শূন্য সহনশীল নীতিৰ কথাও দোহাৰে৷