গুৱাহাটী : কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দাখিল কৰে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ৷ সোণোৱালক এই মনোনয় পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বহুকেইজন মন্ত্ৰীও৷ ৰাজ্যসভালৈ প্ৰাৰ্থী প্ৰদান নকৰি বিৰোধী দলৰ আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী শৰ্মাই৷ ৰাজ্যসভাৰ উপ-নিৰ্বাচনত বিনা প্ৰতিদন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে সোণোৱাল৷
সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি মন্ত্ৰী শৰ্মাই গৃহমন্ত্ৰীয়েও দায়িত্ব অনুসৰি আলফাৰ অধ্যক্ষৰ দায়িত্বত থকা পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰিবলৈ কথা পাতিব পাৰিম বুলি জানিবলৈ দিয়ে৷
ইপিনে ৰাজ্যজুৰি মাটি দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত প্ৰায় ৪৫০ দালালক আটক কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মধ্যভোগীক অফিচত স্থান নিদিবলৈ বিষয়াসকলক আহ্বান জনাই তেওঁ কয়, "বেছি খান্দিলে বহু মানুহৰ নাম সাঙোৰ খাব৷ এয়া কেৱল এটা ৱাৰ্নিং, মৃত্যুৰ চাৰ্টিফিকেটৰ বাবে টকা দিব লাগে৷" ৰাইজকো দুদিন দেৰি হলেও কাকো ধন নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ৷
Leave A Comment