• ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত, পঢ়ক সবিশেষ

    আঞ্চলিক
    ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত, পঢ়ক সবিশেষ

    গুৱাহাটী : শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেল যোগে প্ৰতিখন জিলাতে district vigilance and monitoring committee গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে৷ বিদ্যালয়সমূহৰ তৃণমূল পৰ্যায়ৰ সমস্যা সমাধান কৰিবৰ বাবে এই কমিটিখনে চেষ্টা চলাব৷ ইফালে, ডঃ ননীগোপাল মহন্তক শিক্ষা উপদেষ্টা হিচাপে আজি নিযুক্তি প্ৰদান কৰাৰ কথাও তেওঁ সদৰি কৰে৷ চৰকাৰৰ এখন কেবিনেট বৈঠকত লোৱা আন ভালেমান সিদ্ধান্তৰ কথাও এই সংবাদ মেলত প্ৰকাশ কৰা হয়।





    সেই অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান কৰাৰ কথা সংবাদ মেলত প্ৰকাশ কৰে৷ তদুপৰি প্ৰতিটো ব্লকতো ব্লক পৰ্যায়ৰ সমিতি গঠন কৰা আৰু এই সমিতিৰ অধ্যক্ষ আঞ্চলিক পঞ্চায়তৰ সভাপতি হ’ব বুলিও সদৰি কৰে৷ লগতে প্ৰতিটো বিভাগতে বিত্তীয় কমিটি থাকিব বুলিও কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ২ কোটি টকালৈকে বিভাগসমূহে দিব পাৰিব অনুমোদন৷ তদুপৰি ২ৰ পৰা ৫ কোটি টকা অনুমোদন দিয়াৰ বাবে মুখ্য সচিবৰ অধ্যক্ষতাত থাকিব কমিটী৷ ১০ কোটিৰ পৰা ১০০ কোটিৰ পুঁজি আৱণ্টনৰ বাবে বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ ষ্টেণ্ডিং কমিটী গঠন কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়৷ এই পুঁজিৰ অনুমোদন জনাব মুখ্যমন্ত্ৰীয়ে৷





    ১০০ কোটিৰ ওপৰৰ পুঁজি আৱণ্টনৰ অনুমোদন জনাব কেবিনেটে৷ তদুপৰি জিলা পৰ্যায়ৰ কমিটীৰ সদস্য সচিব হ'ব ADC, ব্লক পৰ্যায়ৰ কমিটীৰ সদস্য সচিব হ'ব BEEO৷ ইণ্ডেজেনাছ এণ্ড হেৰিটেজ ট্ৰাইবেল বিভাগ গঠনতো অনুমোদন জনাই কেবিনেটে৷ এই বিভাগৰ অধীনলৈ আহিব তিনিটা সঞ্চালকালয়৷ জিলাৰ উপায়ুক্তই নদীৰ পলসুৱা মাটি আবন্টত দিব পাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ক্ষুদ্ৰ চাহ খেতিয়ক, দেৱোত্তৰ আৰু লাখেৰাজ ভূমিত খেতি কৰা কৃষকেও পাব এই সুবিধা৷ জল জীৱন মিছনত ১০ কোটিলৈ অনুমোদনৰ কৰ্তৃত্ব প্ৰদান কৰা হয় জিলা উপায়ুক্তক৷ জল জীৱন মিছনৰ বাবে প্ৰয়োজনীয় ভূমি আৱণ্টনৰো কৰ্তৃত্ব প্ৰদান উপায়ুক্তক৷ চাহ বাগিচাৰ প্ৰত্যেক ঘৰলৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হ'ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷