গুৱাহাটীঃ ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান খোলাৰ প্ৰস্তুতি গ্ৰহণ কৰিছে চৰকাৰে। ৩১ আগষ্টৰ পূৰ্বে চৰকাৰে পুনৰ জাৰি কৰিব নিৰ্দেশনা। সুকীয়া এছঅ’পি জাৰি কৰিব শিক্ষা বিভাগে। ছাত্ৰাৱাস, ছাত্ৰীনিৱাস খোলাৰো পৰিকল্পনা কৰিছে চৰকাৰে। হোষ্টেলৰ আৱাসীসকলে ল’ব লাগিব ভেকচিনৰ দুয়োটা ড’জ। ধেমাজি কাণ্ডত বলি হোৱা ছাত্ৰীগৰাকীৰ মৃত্যুত কেবিনেটে শোকপ্ৰকাশ কৰে! ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ লগতে তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছে জি পি সিঙক।
শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ ঊৰ্ধ্বৰ ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হ’ব। কাইলৈৰ পৰা ৫ ছেপ্তেম্বৰলৈ শিক্ষানুষ্ঠানতে হ’ব ভেকচিনৰ বিশেষ শিবিৰ। ছে প্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব। মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।
৩ ছেপ্টেম্বৰত চৰকাৰে পালন কৰিব ‘ক্ৰীড়া দিৱস’। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হ’ব ‘ক্ৰীড়া দিৱস’। ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব ‘ক্ৰীড়া পেন্সন’ৰ ধনৰ পৰিমাণ। এককালীন সাহায্য হিচাপে প্ৰদান কৰা হ’ব ৫০ হাজাৰকৈ টকা।
প্ৰতিখন জিলাৰ উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে আলোচনা কৰি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ’ব এই ৰদ-বদল প্ৰক্ৰিয়া। ছায়েন্স এণ্ড টেকনল’জী বিভাগৰ নতুন নামকৰণ কৰা হৈছে ‘ছায়েন্স, টেকনল’জী এণ্ড ক্লাইমেট চেঞ্চ’। বিটিএডিত হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক কাইলৈ যোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰ চক্ৰবিষয়াৰ কাৰ্যালয় ৫টাৰ পৰা ১৩টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডিভিজন অফিচ ১৭টাৰ পৰা ৩৭টা লৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ছাব ডিভিজন অফিচ ৪৯টাৰ পৰা ৭৭টালৈ বৃদ্ধি কৰা হৈছে। বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪টা কাৰিকৰী নতুন পদৰ সৃষ্টি কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Leave A Comment