• ৰাজ্যিক ভাষাক অপমান এটা গুৰুতৰ অপৰাধ: চৰকাৰৰ ৰক্ষণাবেক্ষণত প্ৰদীপ দত্ত ৰয়

    আঞ্চলিক
    ৰাজ্যিক ভাষাক অপমান এটা গুৰুতৰ অপৰাধ: চৰকাৰৰ ৰক্ষণাবেক্ষণত প্ৰদীপ দত্ত ৰয়

    ডিজিটেল ডেস্ক: অসমত অসমীয়া ভাষাৰ সংকট এতিয়াৰ নহয়৷ ব্ৰিটিছ শাসনৰ পৰাই ভাষাটোৱে সংকটৰ মুখামুখি হ'বলগা হৈছে৷ সময়ে সময়ে অসমীয়া ভাষাক লৈ উঠাইছে প্ৰশ্ন৷ ভাষাৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত অসমৰ আছে এক সংগ্ৰামী ইতিহাস৷ ১৯৬০ চনৰ ভাষা আন্দোলন, তাৰো পূৰ্বতে ব্ৰিটিছে জাপি দিয়া বাংলা ভাষা আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ বলিষ্ঠ ভূমিকাত ৰক্ষা পৰা অসমীয়া ভাষাই বাট কুৰি বাই আহি আজিৰ পৰ্যায় পাইছে৷ এই যাত্ৰাত অনেক প্ৰাজ্ঞই ত্যাগ স্বীকাৰ কৰিছে, ভাষাটোক ভালপোৱা অলেখ অসমীয়াই যুঁজ দিছে, আইৰ মুখৰ ভাষাটো ৰক্ষাৰ বাবে৷ তথাপিও যেন আজিৰ সময়তো সুৰক্ষিত নহয় অসমীয়া ভাষা৷ অসমৰ মাটিতে বাৰে বাৰে লাঞ্ছিত কৰা হৈছে অসমীয়া ভাষাক৷





    শেহতীয়াকৈ বৰাক উপত্যকাত যোৱা দুটা মাহত সংঘটিত দুটা বিক্ষিপ্ত ঘটনাই উদ্ৰেক ঘটাইছে বহু প্ৰশ্নৰ৷ ১৯৬০ চনৰ ১০ অক্টোৱৰত অসম বিধানসভাত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ৰাজ্যভাষা আইন প্ৰণয়ন কৰি অসমীয়া ভাষাক চৰকাৰী ভাষাৰূপে প্ৰৱৰ্তন কৰিছিল৷ তেতিয়াৰে পৰা ৰাজ্যভাষা আইন অনুসৰি অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰি অহা হৈছে৷ তৎসত্ত্বেও অসমৰ মাটিতেই বৰাক উপত্যকাত বাৰে বাৰে অপমানিত হৈ আছে অসমীয়া ভাষা৷ বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনত ক'লা ৰং সানি দিয়া অথবা সৌ সিদিনা অসমীয়া ভাষাৰ হ'ৰ্ডিং আঁতৰাই দিয়া আদি ঘটনাই অসমীয়া ভাষী লোকসকলক দুখ দিছে৷ অপমানিত বোধ কৰিছে বৰাকৰ অসমীয়া ভাষী লোকসকলেও৷ নিজৰ চকুৰ সমুখৰ পৰা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বেদনা বৰাকৰ অসমীয়াভাষী লোকসকলে মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ যিটো সম্পূৰ্ণ অনাকাংক্ষিত৷





    আনকি, বৰাকৰ বাংলাভাষী লোকসকলেও বিষয়টোক সহজভাৱে লোৱা নাই৷ বাংলা ভাষাৰো এটা ঐতিহ্য আৰু বৰাকৰ বাংলাভাষী লোকসকলৰ সভ্যতাই এনে ঘটনাক প্ৰশ্ৰয় নিদিয়ে৷ আমি কোনেও নিবিচাৰো যে বৰাকত অসমীয়া বা ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষা অপমানিত হওক৷ বৰাকত অসমীয়া ভাষা সংযোগী ভাষা হিচাপে থাকিলেহে দুই উপত্যকাৰ মাজত ঐক্যৰ সেতু যুগজয়ী হ'ব৷ কিন্তু, তাৰ সলনি এনে এটি পৰিৱেশ নিৰ্মাণ কৰা হৈছে, য'ত অসমীয়া ভাষা সুৰক্ষিত নহয়৷ এইক্ষেত্ৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকাক সহজভাৱে ল’ব পৰা নাই অসমীয়াভাষী লোকসকলে৷ প্ৰদীপ দত্ত ৰয়ৰ দৰে নেতাই বৰাকত অসমীয়া ভাষাবিদ্বেষী পৰিৱেশ নিৰ্মাণত হাত উজান দিছে৷ অথচ, প্ৰদীপ দত্ত ৰয়ৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে৷ প্ৰদীপ দত্ত ৰয়ৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে অসমবাসীয়ে৷ মাতৃভাষাটোক লৈ আৱেগ সকলোৰে থাকে৷ বৰাক উপত্যকাৰ বাংলাভাষী লোকসকলৰ আৱেগক আমি সন্মান কৰোঁ৷ ঠিক তেনেধৰণে, অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰি জীৱনে মৰণ একাকাৰ কৰা অসমীয়াভাষী লোকসকলৰ ভাষাৰ আৱেগক বৰাক উপত্যকাত সন্মান জনোৱাতো আমি বিচাৰো৷ অসমৰ জাতীয়তাবাদ গঢ় লৈ উঠিছে ভাষাক কেন্দ্ৰ কৰি৷





    ভাষিক জাতীয়তাবাদে অসমীয়া ৰাইজক আজিও একত্ৰিত কৰি ৰাখিছে৷ ঔপনিৱেশিক কালৰ আগতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰে ভাৰতবৰ্ষ চহকী হৈ আছিল৷ প্ৰতিটো জাতিসত্তাৰে আছে নিজা পৰিচয়, নিজা সংস্কৃতি৷ সেয়ে ভাৰতবৰ্ষক বৈচিত্ৰ্যৰ মাজত ঐক্য বোলা হয়৷ ব্ৰিটিছ আগমনৰ লগে লগে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবোৰ লোপ পাবলৈ ধৰে৷ অসমতে অসমীয়া আৰু বাংলা ভাষাৰ উপৰি অন্য বহু জনজাতীয় ভাষা প্ৰচলন হৈ আছে৷ আমি সকলোৱে মিলি ভাষাবোৰৰ চৰ্চা আৰু ভাষাবোৰ জীয়াই ৰখাৰ বাবেহে ব্যৱস্থা গ্ৰহশ কৰিব লাগে৷ অসমত দিনে দিনে অসমীয়া ভাষা কোৱা আৰু লিখা লোকৰ সংখ্যা কমি আহিছে৷ যিটো পৰিতাপৰ বিষয়৷ তেনে স্থলত একেখন ৰাজ্যতে ভাষাটো বাৰে বাৰে অপমানিত হৈ থকা কথাটো কোনো অসমীয়াই সহজভাৱে ল'ব পৰা নাই৷ অসমৰ ভাষিক জাতীয়তাবাদক নস্যাৎ কৰি হিন্দীবলয়ৰ ৰাষ্ট্ৰীয়তাবাদক অসমত জাপি দিব খুজিছে বিজেপিয়ে৷ হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণ ঘটাই ক্ষুদ্ৰ জাতিসত্তা আৰু আঞ্চলিক জাতীয়তাবাদৰ বিপদ আসন্ন কৰি তুলিছে দলটোৱে৷ অসমত শেহতীয়াকৈ ঘটা বিক্ষিপ্ত ঘটনাবোৰ সেই অনুশীলনৰে একোটা অংশ৷ এইক্ষেত্ৰত অসমীয়া ভাষাটোক ভালপোৱা প্ৰতিগৰাকী সচেতন অসমীয়াক ঐক্যবদ্ধ হৈ ভাষা ৰক্ষাৰ বাবে আগবাঢ়ি অহাটো এই সময়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়৷