Regional
গুৱাহাটী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি কাৰ্যকালৰ ৬০ দিন সম্পূৰ্ণ কৰিলে৷ চৰকাৰৰ দুমাহ পূৰ্ণ হোৱা উপলক্ষে বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ এই কেবিনেটত অসমত এটা নতুন বিভাগৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ 'জনজাতীয় বিশ্বাস আৰু ধৰ্মীয় পৰম্পৰা বিভাগ' নামেৰে নতুন বিভাগ গঠন৷
বিত্তমন্ত্ৰীক সুকীয়া বাজেট ধাৰ্য কৰাৰ নিৰ্দেশ প্ৰদান কৰি চৰকাৰৰ আঁচনি অনুমোদনত পৰিৱৰ্তন আনে৷
২ কোটি টকা পৰ্যন্তৰ আঁচনিসমূহ বিভাগীয় সমিতিয়ে অনুমোদন জনাব পাৰিব৷ ১০০ কোটি ওপৰৰ প্ৰকল্পৰ বাবে কেবিনেটে অনুমোদন জনাব৷ ২কোটিৰ পৰা ৫ কোটি টকাৰ আঁচনিত মুখ্য সচিবৰ নেতৃত্বৰ ষ্টেণ্ডিং কমিটীয়ে অনুমোদন দিব। ৫কোটিৰ পৰা ১০০ কোটি পৰ্যন্ত বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত বিশেষ বিত্তীয় সমিতিয়ে অনুমোদন দিব।
অহা বছৰৰ পৰা ফাইল কাৰ্যবাহী অভিযন্তা পৰা পোনে পোনে বিত্ত বিভাগলৈ যাব৷ প্ৰতি বৃহস্পতি বাৰে বিত্তমন্ত্ৰী আৰু শুকুৰবাৰে মুখ্য সচিব পুঁজি আবন্টন বিষয়ক বৈঠকত বহিব লাগিব। ১লাখ চাকৰি নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই৷
চৰকাৰৰ খালি পদ পূৰণৰ বাবে বিভাগেই লব পাৰিব সিদ্ধান্ত৷ খালী পদ পূৰণ কৰাৰ ক্ষেত্ৰত বিভাগীয় আয়ুক্তই সিদ্ধান্ত লব পাৰিব৷ এই ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমোদৰ প্ৰয়োজন নাই। আনহাতে, ওলমি থকা অনুকোম্পামূলক নিযুক্তি ১৫আগষ্টৰ আগত শেষ কৰা হ'ব৷ অহা বুধবাৰৰ পৰা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা সাতখন জিলাক বাদ দি বাকী জিলাসমূহবোৰত ৪ বজাৰ পৰা কাৰ্ফিও হ'ব৷ চুলাই ঘাটিৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে কৰ’না৷
Leave A Comment