Spiritual
ধুবুৰীঃ ‘মহাৰজত জয়ন্তী’ উপলক্ষে ধুবুৰী জিলাৰ ‘ভোলানাথ মহাবিদ্যালয়’ত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ‘মহাৰজত জয়ন্তী’ উপলক্ষে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় প্ৰাংগণত ভোলানাথ চৌধুৰীৰ অৱক্ষ মূৰ্তি উন্মোচন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ চৰকাৰ, বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ শিংহী। অনুষ্ঠান মহাবিদ্যালয়খনৰ উন্নতিৰ বাবে অসম চৰকাৰৰ পৰা ৫০লাখ টকাৰ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত ভোলানাথ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নতি কৰাৰ আশ্বাস প্ৰদান কৰে।
উক্ত অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎ কৰাত সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। ‘‘ৰাহুল গান্ধীৰ বাবেই আজি কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হৈছে’’- বুলি সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায়।
Leave A Comment