• ৰুদ্ৰৰূপত মহাবাহু: পানীত ডুবিল ৰেস্তোঁৰা

    আঞ্চলিক
    ৰুদ্ৰৰূপত মহাবাহু: পানীত ডুবিল ৰেস্তোঁৰা

    গুৱাহাটী: ভদীয়া বানৰ গ্ৰাসত ৰাজ্যৰ ভিন্নস্থান। খৰালীত শান্ত হৈ থকা বৰলুইতে বাৰিষাত ধাৰণ কৰিছে ৰদ্ৰমূৰ্তি৷ বানৰ কবলত পৰিছে লক্ষাধিক জনতা৷ বন্যাৰ্তই নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় লৈছে শিবিৰত৷ গুৱাহাটীতো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ কেন্দ্ৰীয় জল আয়োগৰ তথ্যমতে বিপদসীমা অতিক্ৰম কৰিবলৈ মাত্ৰ অলপ বাকী৷





    ৰুদ্ৰৰূপত মহাবাহু




    বিগত দুবছৰ ধৰি বন্ধ হৈ পৰি থকা জাহাজ ডুব গ'ল ব্ৰহ্মপুত্ৰত৷ মহানগৰীৰ ফাঁচীবজাৰ ঘাটত ডুব গ’ল ছাউথ কোচ ৰেষ্টুৰেণ্ট থকা জাহাজখন৷ শেহতীয়াকৈ লুইতৰ পানী বৃদ্ধি হোৱাৰ পাছতে এনেদৰেই জাহাজখন ডুব যোৱা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আছিল জাহাজখন৷





    পানীত ডুবিল ৰেস্তোঁৰা




    সুনীত বেৰিয়া নামৰ লোকে লীজত লৈ চলাইছিল ৰেস্তোঁৰাখন। অভিযোগ অনুসৰি, সম্পতি চোৱা-চিতাৰ অভাৱৰ বাবেই এতিয়া এনেদৰেই ধ্বংস হোৱাৰ উপক্ৰম হৈছে জাহাজখন৷ বৰ্তমানলৈ ৰেস্তোঁৰাখনৰ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলি আমাৰ সাংবাদিকে জনাইছে৷