নগাঁও : বিবাহানুষ্ঠাৰ জৰিয়তে ৭জনমলৈ এক হৈ থকাৰ প্ৰতিজ্ঞাবদ্ধ হয় সকলো। মনৰ খং-অভিমান আৰু দুখ-কষ্ট সকলো ভাগ-বতৰা কৰি লয় ইজনে সিজনৰ সৈতে৷ কিন্তু বিবাহৰ বান্ধোনত বান্ধ খায়ো ২৫ বাৰকৈ পলায় যায় এগৰাকী মহিলা৷ দহ বছৰীয়া বৈবাহিক জীৱন কালত ২৫ বাৰকৈ পলাই যায় এইগৰাকী মহিলা ।
তিনি মহীয়া পানী কেঁচুৱাসহ তিনি বছৰীয়া শিশুক এৰি পুনৰ পলাই যায় ২৫ নম্বৰ প্ৰেমিকৰ সৈতে। ঘটনাৰ স্থান নগাঁও জিলাৰ ধিং লহকৰ । ধিঙৰ লহকৰ গাঁৱৰ এইগৰাকী আজমলা খাতুনে দহ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল গুলজাৰ হুছেইনৰ সৈতে৷ তেওঁলোক দুয়োৰে আছে তিনিটাকৈ সন্তান ।
কিন্তু তাৰপাছতো ২৫ বাৰকৈ পলাই গৈ এক প্ৰকাৰ যেন ৰূপালী জয়ন্তী পাতিলে আজমালই। ঘৰত কোনো নথকাৰ সুযোগতে নিজৰ তিনিমহীয়া পানী কেঁচুৱাটিৰ লগতে তিনি বছৰীয়া কণমানি দুই সন্তানক এৰি আজমলাই পলাই যায় কোনোবা অচিনাকি প্ৰেমিকৰ লগত। যাওঁতে লগত লৈ যায় নগদ ধন, আ-অংলকাৰ আৰু ছয় বছৰীয়া কন্যা সন্তানক। আজমলা ক’লৈ গ’ল, কাৰ সৈতে পলাই গ’ল, পৰিয়ালে বৰ্তমানলৈ কোনোধৰণৰ খবৰ লাভ কৰা নাই বুলি সাংবাদিকে জনাইছে।
Leave A Comment