Regional
হোজাইঃ হোজাইত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। ৰে’ল লাইনত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। প্ৰায় দুবছৰৰ পূৰ্বে লংকাৰ বৰবহাৰ শংকৰবস্তিৰ কমল কৃষ্ণ দাস নামৰ এজন যুৱক হোজাইৰ ধনোৱাৰ বস্তিৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল। তাৰ কিছুদিনৰ পাছতে কমল কৃষ্ণ আৰু প্ৰিয়তমা নামৰ যুৱতীগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ লক্ষ্যৰে ঘৰৰ পৰা পলাই গৈছিল যদিও সঠিক বয়স নোহোৱাত আৰক্ষীয়ে দুয়োকে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিভক্ত কৰে। উক্ত ঘটনাৰ পাছতে কমল কৃষ্ণই বহুদিন থাকিব লগা হয় জে’লত।
দুয়োকে আইনৰ নীতি-নিৰ্দেশনাই বিভক্ত কৰিলে ঠিকেই, কিন্তু কমল কৃষ্ণ জে’লৰ পৰা অহাৰ পাছত মোবাইলৰ জৰিয়তে পুনৰ দুয়োৰে সংযোগ ঘটিল। ২২ আগষ্ট দেওবাৰে ঘৰৰ পৰা ওলাই গৈছিল কমল। কিন্তু গৈ উভতি নাহিল কমল কৃষ্ণ। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ পাছত দেওবাৰে নিশা হোজাইৰ চিকাৰি গেট আৰু ধলপুখুৰী ৰে’ল লাইনত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় কমল কৃষ্ণৰ মৃতদেহ। মৃত্যু হোৱাৰ দুদিনৰ পাছত মৃতদেহটো কমল কৃষ্ণৰ বুলি চিনাক্ত কৰিলে পৰিয়ালৰ লোকে।
মৃত কমল কৃষ্ণৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ‘প্ৰিয়তমা দাসৰ পৰিয়ালে কমল কৃষ্ণক হত্যা কৰি ঘটনাটো অন্যদিশে টানি নিয়াৰ লক্ষ্যৰে দুৰ্ঘটনাৰ ৰূপ দিছে।’ আনহাতে, উক্ত ঘটনা সন্দৰ্ভত, কমল কৃষ্ণৰ পৰিয়ালে, ৰে’ল আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । আনকি হোজাই ৰে’ল আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ লগত লগ লাগি কমল কৃষ্ণৰ পৰিয়ালৰ সৈতে ঘটনা সন্দৰ্ভত মিলা-মিছা কৰি ল’বলৈ ফোনৰ জৰিয়তে বাৰে বাৰে অনুৰোধ জনাইছে বুলি অভিযোগ উত্থাপন কৰিছে মৃত কমল কৃষ্ণৰ পৰিয়ালে।
Leave A Comment