শিৱসাগৰ : শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আজি পুৱাই উত্তেজনাৰ সৃষ্টি হয়৷ জোনালী ফুকন (৪৮) নামৰ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয়৷ চিকিৎসক, স্বাস্থ্য কৰ্মীৰ গাফিলতিৰ ফলতে পুৱা পাঁচ বজাত জোনালী ফুকনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে আত্মীয়ই৷
চৰাইদেউ জিলাৰ পাটসাঁকোৰ মাখন ফুকনৰ পত্নী জোনালী ফুকনৰ পেটৰ বিষ হোৱাত নিশা প্ৰায় এক বজাত ভৰ্তি কৰিছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত৷ কিন্তু চিকিৎসকে প্ৰাথমিক চিকিৎসাটো দূৰৰে কথা ৰোগীৰ কাষলৈও নোযোৱাৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ৷
ৰোগীক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে নাৰ্চ , চিকিৎসক শুই আছিল বুলি ক্ষোভ প্ৰকাশ কৰিছে৷ লগতে নাৰ্চক ৰোগীৰ ওচৰলৈ মাতিবলৈ যোৱাত ওলোটাই ৰোগীৰ অভিভাৱকক গালি গালাজ পৰা বুলিও অভিযোগ কৰিছে৷ যাৰ ফলত বিনা চিকিৎসাই ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আত্মীয়ৰ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল অসামৰিক চিকিৎসালয়খনত৷
Leave A Comment